July 5, 2026 7:11 PM

views 10

জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৰাজ্যৰ প্ৰশিক্ষাৰ্থীসকলক পৰীক্ষাৰ পূৰ্বে ১ লাখ টকাকৈ প্ৰদানৰ কথা ঘোষণা

চি এম ফ্লাইট শীর্ষক পাঠ্যক্রম গ্রহণ কৰি থকা শিক্ষার্থীসকলৰ জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকাসকলক পৰীক্ষাৰ পূর্বেই ১ লাখ টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই শিক্ষার্থীসকলৰ সৈতে আজি মত-বিনিময় কৰাৰ অন্তত এই কথা প্রকাশ কৰে। তেওঁ কয় যে এই প্রশিক্ষার্থীসকলে প্রথম তিনি মাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত ৩০ হাজাৰ টকাকৈ লাভ কৰিব। পৰৱৰ্তী ছমাহত দ্বিতীয় বাৰলৈ ৩০ হাজাৰ টকা লাভ কৰাৰ লগতে পাছৰ ৯ মাহত বাকী ৪০ হাজাৰ টকা অর্থাৎ মুঠ ১ লাখ টকা তেওঁলোকে লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ...