অপেক প্লাছ ৰাষ্ট্ৰগোষ্ঠীয়ে সংস্থাটোৰ মূল সদস্য দেশসমূহৰ মাজত ভূ-ৰাজনৈতিক অনিশ্চিয়তা বৃদ্ধি পোৱাৰ পাছতো নীতিগতভাবে তেলৰ উৎপাদন স্থিৰ কৰি ৰাখিবলৈ সহমত প্ৰকাশ কৰিছে। সংস্থাটোৰ আঠখন অংশীদাৰ দেশ চৌদি আৰৱ, ৰাছিয়া, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, কাজাখাস্তান, কুৱেট, ইৰাক, আলজেৰিয়া আৰু অমানে সামুহিক ভাবে বিশ্বৰ প্ৰায় আধা তেল উৎপাদন কৰে। তেওঁলোকে যোৱা বছৰৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ প্ৰতিদিনে প্রায় ২.৯ মিলিয়ন বেৰল তেল উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছিল যিটো সমগ্ৰ বিশ্বৰ চাহিদাৰ প্ৰায় তিনি শতাংশৰ সমান। অৱেশ্য যোৱা নৱেম্বৰ মাহত চলিত বছৰৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ বাবে তেলৰ উৎপাদন অধিক বৃদ্ধি কৰাৰ সিদ্ধান্ত স্থগিত ৰখাৰ বাবে দেশকেইখন সহমত হৈছে।
Assamese | January 4, 2026 8:21 PM | OPEC
জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ বাবে তেলৰ উৎপাদন অধিক বৃদ্ধি কৰাৰ সিদ্ধান্ত স্থগিত ৰখাৰ বাবে অপেক প্লাছ ৰাষ্ট্ৰগোষ্ঠীৰ সহমত