সমগ্ৰ ৰাষ্ট্ৰই মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী আৰু ছহিদ দিৱসত আজি জাতিৰ পিতা গৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। মৃত্যু বার্ষিকী উপলক্ষে পুৱাৰ ভাগত নতুন দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত এখন সর্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰই প্ৰতিবছৰে ৩০ জানুৱাৰীত মহাত্মা গান্ধীৰ জীৱন আৰু ঐতিহ্যৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। মহাত্মা গান্ধী স্বাধীনতা আন্দোলনৰ বাবে ভাৰতীয় সংগ্ৰামৰ প্ৰেৰণাৰ মূল উৎস আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মৃত্যু বার্ষিকী উপলক্ষে মহাত্মা গান্ধীলৈ শ্রদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্রী শৰ্মাই মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰি দিয়া এটা বাৰ্তাত কয়, যে তেওঁৰ আদৰ্শৰাজিয়ে আমাক সকলোৰে বাবে উন্নয়ন সুনিশ্চিত কৰাৰ প্ৰচেষ্টাত সদায় পথ দেখুৱাই যাব।
Assamese | January 30, 2025 10:58 AM | Akashvani News | Gandhiji | Mahatma Gandhi
জাতিৰ পিতা গান্ধীজীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী আৰু ছহিদ দিৱসত দেশবাসীৰ শ্ৰদ্ধাৰ্ঘ্য