October 2, 2025 7:12 PM

views 100

গান্ধী জয়ন্তী উপলক্ষে দেশজুৰি মহান নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

● জাতিৰ পিতা মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে আজি সমগ্র দেশে মহান নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। দেশৰ ভিন ভিন স্থানৰ লগতে বিদেশত থকা ভাৰতীয় দূতাৱাসসমূহতো আজি বিভিন্ন কাৰ্যসূচীৰ গান্ধী জয়ন্তী উদযাপন কৰা হয়। মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি বাপুজীৰ সমাধি ৰাজঘাটত আজি এখন সর্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আ...

January 30, 2025 3:40 PM

views 62

মহাত্মা গান্ধীৰ স্মৃতি বিজড়িত দক্ষিণ মুম্বাইত অৱস্থিত মণি ভৱন দৰ্শন মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ

জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে আজি মহাত্মা গান্ধীৰ স্মৃতি বিজড়িত দক্ষিণ মুম্বাইত অৱস্থিত মণি ভৱন দৰ্শন কৰে। ৰাজ্যপালগৰাকীয়ে গান্ধীজীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে এখন প্ৰাৰ্থনা সভাতো অংশ লয়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক মহাত্মা গান্ধীয়ে অনুসৰণ কৰা সত্য আৰু অহিংসাৰ পথ ল'বলৈও আহ্বান জনায়। উল্লেখযোগ্য যে ১৯১৭ চনৰ পৰা ১৯৩৪ চনলৈ দক্ষিণ মুম্বাইৰ এই মণি ভৱন গান্ধীজীৰ বাসগৃহ সদৃশ হৈ পৰিছিল। গান্ধীজীয়ে ১৯১৯ চনত সত্যাগ্ৰহ আৰু ১৯৩২ চনত আইন অমান...

January 30, 2025 3:39 PM

views 50

জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত দেশবাসীৰ শ্ৰদ্ধাৰ্ঘ্য অর্পণ

সমগ্র দেশে আজি ছহিদ দিৱস উপলক্ষে জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত শ্ৰদ্ধাৰ্ঘ্য অর্পণ কৰিছে। এই উদ্দেশ্যে আজি পুৱা নতুন দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিস্থলত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, মনোহৰ লাল খাট্টাৰ, স্থল, জল আৰু বায়ু সেনাৰ তিনিওগৰাকী প্ৰধান তথা প্ৰতিৰক্ষা বিভা...

January 30, 2025 10:58 AM

views 65

জাতিৰ পিতা গান্ধীজীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী আৰু ছহিদ দিৱসত দেশবাসীৰ শ্ৰদ্ধাৰ্ঘ্য

সমগ্ৰ ৰাষ্ট্ৰই মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকী আৰু ছহিদ দিৱসত আজি জাতিৰ পিতা গৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। মৃত্যু বার্ষিকী উপলক্ষে পুৱাৰ ভাগত নতুন দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত এখন সর্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰই প্ৰতিবছৰে ৩০ জানুৱাৰীত মহাত্মা গান্ধীৰ জীৱন আৰু ঐতিহ্যৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। মহাত্মা গান্ধী স্বাধীনতা আন্দোলনৰ বাবে ভাৰতীয় সংগ্ৰামৰ প্ৰেৰণাৰ মূল উৎস আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মৃত্যু বার্ষিক...

October 2, 2024 3:12 PM

views 64

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত দেশবাসীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত আজি সমগ্র দেশবাসীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। নতুন দিল্লীৰ ৰাজঘাটৰ বাপুৰ সমাধিস্থলীত গান্ধী জয়ন্তী উপলক্ষে আজি এখন সর্বধর্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভা অধ্যক্ষ ওম বিৰলা, বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে লোকসভা দলৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰে। অহিংসা, প্রেম ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবা...