সমগ্র দেশে আজি ছহিদ দিৱস উপলক্ষে জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত শ্ৰদ্ধাৰ্ঘ্য অর্পণ কৰিছে। এই উদ্দেশ্যে আজি পুৱা নতুন দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিস্থলত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, মনোহৰ লাল খাট্টাৰ, স্থল, জল আৰু বায়ু সেনাৰ তিনিওগৰাকী প্ৰধান তথা প্ৰতিৰক্ষা বিভাগৰ মুৰব্বীও এই অনুষ্ঠানত উপস্থিত থাকে।ভাৰতৰ স্বাধীনতাত বিশেষ বৰঙণি আগবঢ়োৱা মহাত্মা গান্ধীৰ মৃত্যু দিনটোত সমগ্ৰ ৰাষ্ট্ৰই শ্ৰদ্ধা জনাই আহিছে। ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিকসকলৰ ত্যাগক স্মৰণ কৰি মহাত্মা গান্ধীৰ মৃত্যু দিনটোত অর্থাৎ ৩০ জানুৱাৰীত ছহিদ দিৱস পালন কৰা হয়৷
Assamese | January 30, 2025 3:39 PM | Gandhiji | Mahatma Gandhi
জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত দেশবাসীৰ শ্ৰদ্ধাৰ্ঘ্য অর্পণ