জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবীৰে শিল্পীগৰাকীৰ অনুৰাগীসকলে সামাজিক মাধ্যমত প্রতিবাদ অব্যাহত আছে। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ দাবীৰেই ইতিমধ্যে সামাজিক মাধ্যমত প্ৰতিবাদ আৰম্ভ হৈছে। সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখি এইপর্যন্ত ১২ লাখ অনুৰাগীয়ে ন্যায়ৰ দাবী জনাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা ডিজিটেল প্ৰতিবাদ আৰম্ভ হৈছে যদিও শেহতীয়া দুটা দিনত এই প্রতিবাদে অধিক জোৰদাৰ ৰূপ লৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে শিল্পীগৰাকীৰ সোণাপুৰৰ সমাধিক্ষেত্ৰলৈ গৈ সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখি ন্যায় বিচাৰিবলৈ সকলো অনুৰোধ জনাইছিল। লক্ষণীয়ভাৱে গৰিমা গাৰ্গৰ এই আহ্বানৰ পাছতে সামাজিক মাধ্যমত শিল্পীগৰাকীৰ অনুৰাগীসকলৰ এনে প্ৰতিবাদ জোৰদাৰ হৈ পৰিছে। ইপিনে অসমৰ জনসাধাৰণৰ হেছটেগত অতিষ্ঠ হৈ কালি পুৱাৰে পৰা বিয়লি পর্যন্ত ছিংগাপুৰৰ প্ৰধানমন্ত্রী লৰেন্স ৱঙে তেওঁৰ ফেচবুক একাউণ্ট নিষ্ক্রিয় কৰি ৰাখে। বিগত কিছুদিন ধৰি জুবিন গাৰ্গৰ অনুৰাগীসকলে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ ফেচবুক পষ্টটো হেছটেগ জাষ্টিছ ফৰ জুবিন লিখিবলৈ আৰম্ভ কৰিছিল।
Assamese | October 16, 2025 12:43 PM | zubeen garg assam
জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবীৰে সামাজিক মাধ্যমত অনুৰাগীৰ প্রতিবাদ অব্যাহত