September 18, 2026 11:36 AM | PM Modi talk about Semicon

printer

বিশ্বৰ বাবে ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে ভাৰতে নিজকে প্ৰস্তুত কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য

যোগান শৃংখলাক অস্ত্র হিচাপে ব্যৱহাৰৰ ক্ৰমবর্ধমান মানসিকতাৰ মাজত বিশ্বৰ বাবে ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে ভাৰতে নিজকে প্রস্তুত কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীৰ যশোভূমিত কালি ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰি শ্রীমোদীয়ে এইদৰে মন্তব্য কৰে।

তেওঁ কয় যে গুৰুত্বপূৰ্ণ উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ উত্থানে গোলকীয় যোগান শৃংখলা সুদৃঢ় কৰিব আৰু বিশ্বৰ বিভিন্ন প্রান্তত দেখা দিয়া যোগান শৃংখলাৰ প্ৰত্যাহ্বান মাজত নতুন সুযোগৰ সৃষ্টি কৰিব।

সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় ইলেক্ট্রনিক্‌ছ আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণবে কয়, যে ভাৰতে বিগত কেইবা দশক ধৰি অর্ধ পৰিবাহী উদ্যোগ স্থাপনৰ বাবে আগ্রহ প্রকাশ কৰি আহিছিল যদিও প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতহে এয়া সম্ভৱ হ’ল।

তেওঁ কয়, যে ইতিমধ্যে এই উদ্যোগৰ বুনিয়াদ স্থাপন কৰা হৈছে আৰু ইয়াৰ দ্বিতীয় পৰ্যায়ত ছেমিকনৰ জৰিয়তে উদ্যোগ নিৰ্মাণ কৰা হ’ব আৰু ই ছটা মুখ্য স্তম্ভত আলোকপাত কৰিব।

এই পৰ্যায়ত অৰ্ধ পৰিবাহীৰ আর্হি যন্ত্র তথা সামগ্রী, ছিলিকন আদিকে ধৰি গৱেষণা আৰু উন্নয়ন কোষো থাকিব। তেওঁ লগতে কয়, যে ছেমি কণ্ডাক্টৰৰ জৰিয়তে চৰকাৰে কমেও ২০০ ষ্টার্টআপ আৰু কম্পেনিক সহায় কৰাৰ লক্ষ্য গ্রহণ কৰিছে। ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি ৰাজ্য মন্ত্রী জিতিন প্রাসাদ, সচিব এছ কৃষ্ণণৰ লগতে বহু জ্যেষ্ঠ বিষয়া আৰু প্রতিনিধি এই অনুষ্ঠানত উপস্থিত থাকে।