September 18, 2026 11:28 AM | Finance Minister

printer

নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক দুদিনীয়া সন্মিলনৰ আয়োজন

বিত্ত মন্ত্রালয়ে আজিৰে পৰা নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক দুদিনীয়া সম্মিলনৰ আয়োজন কৰিছে। মন্ত্রালয়ে প্ৰকাশ কৰা মতে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ বিত্ত মন্ত্ৰী আৰু বিত্ত সচিবসকলে এই সন্মিলনত ভাগ ল’ব। সন্মিলনত কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমন আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্রী উপস্থিত থাকিব।

পৰিসংখ্যা কাৰ্যসূচী ৰূপায়ণ মন্ত্রালয়ৰ সচিব ড০ সৌৰভ গার্গে সন্মিলনত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰা ফলাফলৰ মূল্যায়নৰ বিষয়ে আলোকপাত কৰিব। একেদৰে ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্রালয়ৰ সচিব এছ কৃষ্ণণে সুশাসনত নতুন যুগৰ প্ৰযুক্তিৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিব।

সন্মিলনত দেশৰ বিকাশৰ সৈতে জড়িত বিত্তীয় প্রত্যাহ্বান আৰু নীতিগত অগ্ৰাধিকাৰৰ বিষয়ে আলোচনা হ’ব বুলি মন্ত্রালয়ে জানিবলৈ দিছে। সন্মিলনৰ তিনিটা সত্ৰত স্থূল অর্থনীতি কৃষি আৰু শক্তি খণ্ডৰ ৰূপান্তৰৰ বাবে বিত্ত যোগান ব্যৱস্থা সম্পর্কে বিশ্লেষণ কৰা হ’ব।