September 18, 2026 12:01 PM | zubeen garg assam

printer

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ৰাজ্যজুৰি জুবিন দিৱস পালনৰ লগতে ৰক্তদান শিবিৰৰ আয়োজন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে। কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই দিৱস পালন কৰা হৈছে।

জুবিনক্ষেত্রত কালি সর্বধর্ম প্রার্থনা সভা অনুষ্ঠিত হয়। আজি সাংস্কৃতিক অনুষ্ঠান আৰু কাইলৈ গুৰু আসন প্রতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা প্রদর্শন কৰা হ’ব।

সদৌ অসম ছাত্র সন্থাই প্রিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি পোহৰেৰে চাকি গছি শীর্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সেইদিনা সন্ধিয়া ৬ বজাত কেন্দ্রীয়ভাবে এই কার্যসূচী অনুষ্ঠিত কৰা হ’ব।

ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই বিষয়ে প্রকাশ কৰি কয়, যে সদৌ অসম ছাত্র সন্থাই প্ৰতিখন জিলা সদৰত ছাত্র-ছাত্রী, স্থানীয় শিল্পী, তথা ৰাইজে সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে।

ইপিনে, শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ ৩৯ খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ’ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে কাইলৈ প্ৰাণৰ শিল্পীক সুঁৱৰি ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত দলৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে সাধাৰণ সম্পাদকে জাৰি কৰা জাননী অনুসৰি স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্রজ্বলন, শান্তিপূর্ণ শোভাযাত্রাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।