September 18, 2026 11:47 AM | Vishwakarma Puja

printer

ৰাজ্যৰ বিভিন্ন প্রান্তত কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্বখনিকৰ শ্রীশ্রীবিশ্বকর্মা পূজা পালন

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্বখনিকৰ শ্ৰীশ্ৰীবিশ্বকর্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্রান্তত পালন কৰিবলৈ লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপ সমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।

ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগত ভাবেও বিশ্বকর্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্রসংগ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব।

আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি-নীতিৰে বিশ্বকর্মা পূজা পালন কৰিবলৈ লোৱা হৈছে। ধুবুৰী জিলাত আজি উলহ-মালহেৰে বিশ্বকর্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাসীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল-কাৰখানা, ব্যক্তিগত প্রতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হ’ব। এই উপলক্ষে সমগ্র জিলাখনতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।

নলবাৰী জিলাৰো বাছ আস্থান, গেৰেজ, কল-কাৰখানা আৰু বিভিন্ন প্রতিষ্ঠানত আড়ম্বৰপূৰ্ণভাবে বিশ্বকর্মা পূজাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যোগ, ছপাশাল, ব্যৱসায়িক প্রতিষ্ঠান, কার্যালয়, বাছ আস্থান, গেৰেজ আদিত আজি পুৱাৰে পৰা বিশ্বকর্মা পূজা উপলক্ষে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।