প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্রী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা সেৱা সমর্পন মাহৰ প্ৰথমটো কাৰ্যসূচী হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি ৰাজ্যৰ ৮৩,২১৯ গৰাকী উদ্যমী যুৱক-যুৱতীক আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আর্থিক সাহায্য প্ৰদান কৰে।
এই উপলক্ষে খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত অংশ লৈ ড° শৰ্মাই যুব শক্তিক আত্মনিৰ্ভৰ অসমৰ আটাইতকৈ বৃহৎ শক্তি বুলি অভিহিত কৰে। মুখ্যমন্ত্রীয়ে কয়, যে অসমৰ যুৱ শক্তিৰ অন্তৰত অপাৰ সাহস, সামর্থ্য আৰু অসীম সম্ভাবনা লুকাই আছে।
চৰকাৰে প্ৰদান কৰা অনুদানেৰে যুৱক-যুৱতীসকলে নিজকে সফল উদ্যোগী হিচাপে প্রতিষ্ঠা কৰি সফলতাৰ কাহিনী সমাজত বিলাই দিবলৈ আহ্বান জনায়।
যুৱচামৰ প্ৰতিটো সফলতাই অসমত ইতিবাচক পৰিৱৰ্তনৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যত উদ্যোগিক পৰিবেশ নিৰ্মাণৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুব উদ্যমীসকলক অসমত স্থাপন হোৱা বৃহৎ উদ্যোগসমূহৰ বাবে প্রয়োজনীয় কেঁচামাল উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।