চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানপীড়িতসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে একাধিক বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে। চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি সোণাৰি মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন আৰু ভাধৰা বি এড কলেজত বিধানসভা সমষ্টিভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।
এই শিবিৰত বানপীড়িত কেইবাহাজাৰ লোকে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ লগতে বিভিন্নধৰণৰ ৰক্ত পৰীক্ষা আৰু চিকিৎসা পৰামৰ্শ লাভ কৰে। স্বাস্থ্য মন্ত্রী অশোক সিংহলে তিনিওটা স্বাস্থ্য শিবিৰ পৰিদৰ্শন কৰি চিকিৎসা ব্যৱস্থাৰ বুজ লয় আৰু বানপীড়িত লোকৰ সৈতে মত বিনিময় কৰে।
শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী সিংহলে কয়, যে প্রাকৃতিক দুৰ্যোগৰ সময়ত জনস্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো ৰাজ্য চৰকাৰৰ অন্যতম প্রধান দায়িত্ব।
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সোণাৰি মহাবিদ্যালয়ত অনুষ্ঠিত শিবিৰত দুহেজাৰৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে শিৱসাগৰৰ ভাধৰা বি এড কলেজত ৪৮৮ গৰাকী আৰু শংকৰদেৱ শিশু নিকেতনত ৫০৫ গৰাকী লোকে স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে।
উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ বানপীড়িত লোকসকলক স্বাস্থ্য সেৱা প্ৰদানৰ উদ্দেশ্যে আজি টেঙাপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু কাইলৈ ভজো উচ্চ মাধ্যমিক বিদ্যালয়ত একেধৰণৰ বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব।