August 7, 2026 9:56 AM
1
চৰাইদেউ আৰু শিৱসাগৰৰ বানপীড়িতসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ একাধিক স্বাস্থ্য শিবিৰ
চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানপীড়িতসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে একাধিক বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে। চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি সোণাৰি মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন আৰু ভাধৰা বি এড কলেজত বিধানসভা সমষ্টিভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত বানপীড়িত কেইবাহাজাৰ লোকে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ লগতে বিভিন্নধৰণৰ ৰক্ত পৰীক্ষা আৰু চিকিৎসা পৰামৰ্শ লাভ কৰে। স্বাস্থ্য মন্ত্রী অশো...