নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে আজি কৈছে যে, ভাৰতে ৯০ গিগাৱাট শক্তিসম্পন্ন সৌৰ ক্ষমতা স্থাপন কৰিছে আৰু ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট শক্তিসম্পন্ন নবীকৰণযোগ্য শক্তিক্ষমতা লাভ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। শ্রী যোশীয়ে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ সপ্তম সত্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়। স্বচ্ছ আৰু সেউজ শক্তিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা সন্দৰ্ভত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে ৩৭.৫ গিগাৱাট নৱীকৰণযোগ্য শক্তিসম্পন্ন ৫০ খন সৌৰ উদ্যানৰ বাবে অনুমোদন জনাইছে। উল্লেখযোগ্য যে এইবাৰ ভাৰতৰ অধ্যক্ষতা আৰু ফ্ৰান্সৰ সহ-অধ্যক্ষতাত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা অধিৱেশন অনুষ্ঠিত হৈছে।
Assamese | November 4, 2024 8:08 PM | Prahalad Joshi | Solar Energy | Solar Plan
চৰকাৰে ৩৭.৫ গিগাৱাট নৱীকৰণযোগ্য শক্তিসম্পন্ন ৫০ খন সৌৰ উদ্যানৰ বাবে অনুমোদন জনাইছেঃ প্রহ্লাদ যোশী