July 2, 2026 11:45 AM | Bongiagoan

printer

চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধানাগাৰত স্বচ্ছ ভাৰত অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়ণ

 চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধানাগাৰত কালিৰে পৰা স্বচ্ছ ভাৰত অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। শোধানাগাৰৰ মূল প্ৰৱেশদ্বাৰৰ চৌহদৰ পৰা আৰম্ভ কৰি ইয়াৰ সংলগ্ন অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, স্বাস্থ্য বিধি পালন তথা পৰিচ্ছন্নতাৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই চাফাই অভিযানত চিদলী-চিৰাং সমষ্টিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, কাজলগাঁও পৌৰসভাৰ উপ সভাপতি ছামাদ আলী আহমেদ, ভাৰতীয় তেল নিগমৰ জ্যেষ্ঠ বিষয়া তথা শোধানাগাৰৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। সকলোৱে হাতে হাতে ঝাড়ু, জাৱৰৰ বেগ আৰু অন্যান্য সামগ্ৰী লৈ শোধানাগাৰৰ চৌহদ আৰু পথকে ধৰি বিভিন্ন ৰাজহুৱা স্থান পৰিষ্কাৰ কৰে। বিধায়ক পানীৰাম ব্ৰহ্মই পৰিচ্ছন্নতা প্ৰতিজন নাগৰিকৰ নৈতিক দায়িত্ব বুলি উল্লেখ কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক এনে জনকল্যাণমূলক কাৰ্যসূচীত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।