June 13, 2026 5:37 PM | PM Modi

printer

চাৰিদিনীয়া ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী ফ্ৰান্স আৰু শ্লোভাকিয়া অভিমুখে ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাৰিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু শ্লোভাকিয়া অভিমুখে ৰাওনা হৈছে। ভ্ৰমণৰ পূৰ্বে প্ৰকাশ কৰা এটা বিবৃতিত শ্ৰী মোদীয়ে কয়, যে ভাৰতৰ কৌশলগত দৃষ্টিভংগীৰ ক্ষেত্ৰত ফ্রান্সে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে। তেওঁৰ এই ভ্রমণে দেশ দুখনৰ মাজৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পর্ক অধিক গাঢ় কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আনহাতে শ্লোভাকিয়াক ইউৰোপৰ গুৰুত্বপূৰ্ণ সদস্য ৰাষ্ট্ৰ বুলি অভিহিত কৰি তেওঁ লগতে এই ভ্রমণে ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰি তুলিব বুলিও আশা ব্যক্ত কৰে।

চৰকাৰী তথ্যত প্ৰকাশ পোৱা মতে ভাৰতীয় মান সময় অনুসৰি আজি নিশা প্ৰায় চাৰে ১০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিছত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। ফ্রান্স ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে এভিয়াওঁ-ত হ’বলগীয়া জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে ফ্ৰান্স আৰু ভাৰতৰ কৌশলগত সহযোগিতা শক্তিশালী কৰাৰ লগতে দ্বিপাক্ষিক আলোচনাতো অংশগ্ৰহণ কৰিব। পৰৱৰ্তী পৰ্যায়ত তেওঁ শ্লোভাকিয়া ভ্ৰমণ কৰাৰ সময়ত বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দেশখনৰ নেতৃবৰ্গৰ সৈতে বৈঠকত ভাগ ল’ব।

উল্লেখযোগ্য যে প্রধানমন্ত্ৰী গৰাকী নীছত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁৰ ভ্ৰমণক লৈ ভাৰতীয় মূলৰ লোকসকলৰ লগতে ষ্টাৰ্ট আপৰ প্ৰতিষ্ঠাতা আৰু বাণিজ্য খণ্ডৰ নেতৃস্থানীয় ব্যক্তিসকলে আগ্রহ প্রকাশ কৰিছে। ইয়াৰ ফলত ইউৰোপত সামগ্ৰিকভাৱে ভাৰতৰ গুৰুত্ব অধিক বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ভাৰতীয় মূলৰ লোকসকলে প্রধানমন্ত্রী মোদীৰ সৈতে মত বিনিময় কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰাকে ধৰি তেওঁক আদৰিবৰ বাবে বিভিন্ন মহলত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ভাৰত আৰু ফ্ৰান্সৰ জনসাধাৰণৰ মাজত পূৰ্বৰে পৰাই সৌহার্দ্যপূৰ্ণ সম্পর্ক আছে। সম্প্রতি ফ্ৰান্সত প্রায় ১০ হাজাৰ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকাৰ লগতে ২০৩০ চনৰ ভিতৰত এই সংখ্যা ৩০ হাজাৰলৈ বৃদ্ধি কৰাৰ বাবে দুয়োখন দেশেই ব্যৱস্থা গ্ৰহণ কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্রদূত সঞ্জীৱ ছাংলাই কয়, যে প্রধানমন্ত্রী মোদীৰ ফ্ৰান্স ভ্রমণে দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক অধিক গভীৰ কৰি তুলিব বুলি আশা কৰা হৈছে ।

আনহাতে আকাশবাণীৰ ব্ৰাটিছলাভাৰ সংবাদদাতাই জনোৱা মতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো শ্ল’ভাকিয়া ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই ভ্ৰমণকালত শ্ৰীমোদী শ্ল’ভাক প্রধানমন্ত্ৰী ফিকোৰ সৈতে আলোচনাত মিলিত হ’ব আৰু কৌশলগত সহযোগিতাৰ নতুন নতুন খণ্ডৰ অন্বেষণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে দেশখনৰ ৰাষ্ট্ৰপতি পেলেগ্ৰীনিক সাক্ষাৎ কৰিব। ভাৰত আৰু শ্ল’ভাক ৰিপাব্লিকৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য নিৰন্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্রমণে বিশেষ গুৰুত্ব বহন কৰিছে।