চলিত বৰ্ষৰ এৰো ইণ্ডিয়া প্ৰদৰ্শনীৰ পূৰ্বে আজি নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত ৰাষ্টদূতসকলৰ ঘূৰণীয়া মেজমেল অনুষ্ঠিত হ’ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনোৱা মতে, এই বৈঠকত ভাৰতৰ সৈতে সুসম্পর্ক থকা ১৫০ খনতকৈ অধিক দেশৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তসকলে ভাগ ল’ব। এছিয়া সর্ববৃহৎ বিমান প্রদর্শনী এৰো ইণ্ডিয়াৰ পঞ্চদশ সংস্কৰণ অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ কৰ্ণাটকৰ বাংগালুৰুৰ য়েলাহাংকাত থকা ভাৰতীয় বায়ুসেনাৰ চাউনীত অনুষ্ঠিত হ’ব। প্ৰদৰ্শনীৰ এই বছৰৰ বিষয়বস্তু হৈছে অপাৰ সুযোগৰ দিশে উড়ণৰ পথ । প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি অনুষ্ঠানৰ প্ৰথম তিনিদিনত বিভাগীয় কার্যসূচী অনুষ্ঠিত হ’ব। ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত জনসাধাৰণে বিমাণ প্ৰদৰ্শনী উপভোগ কৰিব পাৰিব।
Assamese | January 10, 2025 1:14 PM | Rajnath Singh
চলিত বৰ্ষৰ এৰো ইণ্ডিয়া প্ৰদৰ্শনীৰ পূৰ্বে ৰাষ্টদূতসকলৰ ঘূৰণীয়া মেজমেল