কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগে এটা নির্দেশযোগে গ্রাহকক উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত এটা মোবাইল কোম্পানীক ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ নির্দেশ দিয়ে। উল্লেখযোগ্য যে এজন গ্রাহকে বেয়া হোৱা মোবাইল ফোনৰ বাবদ কোম্পানীটোৰ পৰা উপযুক্ত সেৱা লাভ নকৰাৰ অভিযোগত উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ ওচৰত গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ শুনানি লৈ আয়োগে ৪৫ দিনৰ ভিতৰত মোবাইল ফোনটো মেৰামতি কৰি দিয়াৰ উপৰি গোচৰ দাখিলৰ সময়ৰ পৰা ১০ শতাংশ সুদৰ সৈতে ৪০ হাজাৰ টকাৰ ক্ষতিপূৰণ আৰু গোচৰটো চলোৱাৰ ব্যয় হিচাপে ১০ হাজাৰ টকা অতিৰিক্তভাৱে আদায় দিবলৈ নির্দেশ দিয়ে। লগতে ৪৫ দিনব ভিতৰত ক্ষতিপূৰণৰ এই ধন আদায় নিদিয়া সমুদায় ধনৰ ওপৰত ১২ শতাংশ অতিবিক্ত সুদসহ বঞ্চিত গ্রাহকগৰাকী আদায় দিব লাগিব বুলিও আয়োগে নির্দেশটোত স্পষ্ট কৰি দিয়ে।
Assamese | August 1, 2024 8:44 PM | Kamrup | Mobile Company
গ্রাহকক উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত এটা মোবাইল কোম্পানীক ক্ষতিপূৰণ আদায়ৰ নির্দেশ কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ