নিৰন্তৰ সমালোচনা কৰাসকলৰ বাবে প্ৰমাণসিদ্ধ অর্থনৈতিক তথ্য প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশত এপ্ৰিল আৰু জুনৰ মাজৰ সময়ছোৱাত বিদ্যুৎ উৎপাদন ৯ শতাংশ বৃদ্ধি পাইছে। তেওঁ কয়, যে এই সময়ছোৱাত বাহনৰ বিক্ৰী সামগ্রীকভাৱে ২০ শতাংশৰো অধিক বৃদ্ধি পায়। ইয়াৰে ভিতৰত দুচকীয়া বাহনৰ বিক্ৰী প্ৰায় ২০ শতাংশ আৰু তিনিচকীয়া বাহনৰ বিক্ৰী প্ৰায় ৩০ শতাংশ বৃদ্ধি পায়।
শ্রীমোদীয়ে কয়, যে তীখা আৰু চিমেণ্টৰ ব্যৱহাৰ ৮ শতাংশ বৃদ্ধিৰ পৰা দেশত গৃহ নির্মাণ, নির্মাণ আৰু বাণিজ্যিক কাম-কাজ ক্ষীপ্ৰতাৰে বৃদ্ধি পোৱাটো প্রমাণিত হয়। দেশত সম্প্রতি স্মার্ট ফোনৰ ৰপ্তানিৰ পৰিমাণ ২ লাখ ৫০ হাজাৰ কোটিৰো অধিক আৰু ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন সর্বকালৰ সৰ্বাধিক প্রায় ২ লাখ কোটি টকা হোৱা বুলি শ্রীমোদীয়ে দাবী কৰে।
প্রধানমন্ত্রীয়ে কয়, যে শ্রীৰাম বাণিজ্য মহাবিদ্যালয়ে প্রজন্ম প্রজন্ম ধৰি শিক্ষাৰ্থীসকলক শিকাৰ, আগবঢ়াৰ আৰু পৰিৱৰ্তন অনাৰ সুযোগ প্রদান কৰি আহিছে। তেওঁ কয়, যে মহাবিদ্যালয়খনে দীঘলীয়া সময় ধৰি নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিছে আৰু শৈক্ষিক উৎকর্ষতাৰ বাবে নাম অৰ্জন কৰিবলৈ সমর্থ হৈছে। তেওঁ মহাবিদ্যালয়খনৰ প্রাক্তন ছাত্র-ছাত্রীসকলক বিশেষ আৰু অগ্রণী বুলি অভিহিত কৰে।
মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্র, প্রাক্তন বিত্তমন্ত্রী অৰুণ জেটলীৰ বিষয়ে উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষার্থীসকলে কলাৰ পৰা ৰাজনীতিলৈ সকলো ক্ষেত্ৰতে চাপ এৰিবলৈ সমর্থ হৈছে। ১৪০ কোটি ভাৰতীয়ই একেগলে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিব বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শ্রীৰাম বাণিজ্য মহাবিদ্যালয় বছৰ বছৰ ধৰি উচ্চ মান বৰ্তাই ৰখাৰ বাবে মহাবিদ্যালয়খনৰ ভূয়সী প্রশংসা কৰে। তেওঁ কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত সম্প্রতি বিশ্বৰ তৃতীয় সর্ববৃহৎ ষ্টার্ট আপ অনুকূল ব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে।
তেওঁ কয়, যে গোলকীয় বজাৰত দক্ষ মানৱ সম্পদৰ চাহিদা আছে আৰু ইয়াৰফলত যুৱ প্ৰজন্মৰ বাবে অপাৰ সুযোগৰ সৃষ্টি হৈছে। ইয়াৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে মেট্ৰ ৰেলেৰে শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ত উপস্থিত হয় আৰু মহাবিদ্যালয়খনৰ শতবর্ষ উদযাপন অনুষ্ঠানত ভাগ লয়।