September 6, 2026 10:50 AM

views 2

গোলকীয় অনিশ্চয়তা স্বত্বেও ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ ৭.৮ শতাংশ হৈছে আৰু ইয়াৰ পৰা দেশৰ অৰ্থব্যৱস্থাৰ সামৰ্থ প্রতিফলিত হৈছে বুলি প্রধানমন্ত্রীৰ মন্তব্য

নিৰন্তৰ সমালোচনা কৰাসকলৰ বাবে প্ৰমাণসিদ্ধ অর্থনৈতিক তথ্য প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশত এপ্ৰিল আৰু জুনৰ মাজৰ সময়ছোৱাত বিদ্যুৎ উৎপাদন ৯ শতাংশ বৃদ্ধি পাইছে। তেওঁ কয়, যে এই সময়ছোৱাত বাহনৰ বিক্ৰী সামগ্রীকভাৱে ২০ শতাংশৰো অধিক বৃদ্ধি পায়। ইয়াৰে ভিতৰত দুচকীয়া বাহনৰ বিক্ৰী প্ৰায় ২০ শতাংশ আৰু তিনিচকীয়া বাহনৰ বিক্ৰী প্ৰায় ৩০ শতাংশ বৃদ্ধি পায়। শ্রীমোদীয়ে কয়, যে তীখা আৰু চিমেণ্টৰ ব্যৱহাৰ ৮ শতাংশ বৃদ্ধিৰ পৰা দেশত গৃহ নির্মাণ, নির্মাণ আৰু বাণিজ্যিক কাম-কাজ ক্ষীপ্ৰতাৰে বৃদ্ধি পোৱাটো প্রমাণ...