■ গুৱাহাটীৰ নুনমাটিৰ লুইত নগৰৰ দুই ভাতৃ ইন্দ্ৰনীল আৰু কাব্যনীল তালুকদাৰে আখৰ এ আই নামৰ টকিং এপ বিকশাই তুলিছে। এই এপৰ জৰিয়তে কৈ থকা কথা স্বয়ংক্রিয়ভাৱে কম্পিউটাৰত টাইপ হ’ব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সুলেখক কুল শইকীয়াই কালি গুৱাহাটী প্ৰেছ ক্লাবত কৃত্রিম বুদ্ধিমত্তাৰে নিৰ্মিত আখৰ এ আই নামৰ এই কম্পিউটাৰ এপ্লিকেচনটো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে শ্ৰী শইকীয়াই কয়, যে ইন্দ্ৰনীল আৰু কাব্যনীলে কৃত্রিম বুদ্ধিমত্তা প্ৰয়োগ কৰি যি কাম কৰি দেখুৱালে সেই কামে আমাক গৌৰৱান্বিত কৰি তুলিছে। অনুষ্ঠানত অংশ লৈ কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিতেন চৌধুৰীয়ে কয়, যে আধুনিকতাৰ দৌৰ বৰ্তি থাকিবলৈ হ’লে আমি কৃত্রিম বুদ্ধিমত্তাৰ সহায় ল’ব লাগিব।
Assamese | January 31, 2025 10:39 AM | AI App | AIR GUWAHATI | Akashvani Guwahati | Akashvani News
গুৱাহাটীৰ নুনমাটিৰ দুই ভাতৃ ইন্দ্ৰনীল আৰু কাব্যনীল তালুকদাৰ আখৰ এ আই নামৰ টকিং এপ মুকলি