গুৱাহাটীকে ধৰি ৰাজ্যখনৰ প্ৰায়বোৰ অঞ্চল আজি প্ৰচণ্ড গৰমৰ প্ৰভাৱত পৰিছে। উজনি অসম আৰু উত্তৰ অসমৰো বিভিন্ন অঞ্চলত আজি পাৰস্তম্ভই ৩৮ ডিগ্রী ছেলছিয়াছ চুইছেগৈ। ইয়াৰ লগতে বতাহত আপেক্ষিক আর্দ্রতাৰ পৰিমাণ ৬০ শতাংশ অতিক্ৰম কৰাত জনসাধাৰণে অধিক উষ্ণতাৰ পৰিৱেশত থকা যেন অনুভৱ কৰিছে। অহা দুদিনলৈ ৰাজ্যখনলৈ এনে তীব্ৰ গৰমৰ পৰিৱেশ বৰ্তি থাকিব।
Assamese | June 11, 2025 9:21 PM | Akashvani Guwahati | Assam Heatwave | IMD Alert
গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত পাৰস্তম্ভৰ ৩৮ ডিগ্রী ছেলছিয়াছ স্পৰ্শ