কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তেওঁৰ সংসদীয় সমষ্টি গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰে’ল, স্থলপথ আৰু স্বাস্থ্য খণ্ডৰ প্ৰকল্পসমূহক সামৰি লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে বিশেষকৈ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত দেশে লাভ কৰা উল্লেখনীয় অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰে। স্বানন্দ অঞ্চলত নতুনকৈ এখন ৫০০ খন বিছনাযুক্ত চিকিৎসালয় আৰু গান্ধী নগৰত এখন নতুন অসামৰিক চিকিৎসালয় স্থাপনৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে বুলিও তেওঁ ঘোষণা কৰে।
Assamese | March 13, 2025 3:09 PM | Amit Shah | HM India
গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা গৃহমন্ত্রী অমিত শ্বাহৰ