মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
কমাৰজানৰ এখন সুলভ মূল্যৰ দোকানত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বর্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কার্যসূচী সন্দৰ্ভত বক্তব্য আগবঢ়ায়। তেওঁ লগতে অৰুণোদয় আঁচনিৰ পৰা বিশেষ পৰিস্থিতিত বাদ পৰা পৰিয়ালসমূহৰ বাবেও বিশেষ চিন্তাচৰ্চা কৰা বুলি জানিবলৈ দিয়ে।
যোৰহাট জিলাৰ তিতাবৰত ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ আৰম্ভ কৰি বিধায়ক ধীৰাজ গোৱালাই কয়, যে এই আঁচনিয়ে সমাজৰ দৰিদ্ৰ আৰু পিছপৰা লোকসকলক পৰিপুষ্টি লাভত সহায় কৰিব । জিলাখনৰ টীয়ক সমষ্টিত বিধায়ক বিকাশ শইকীয়াই এই আঁচনি আৰম্ভ কৰি নিম্ন আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এনে বিতৰণ ব্যৱস্থাই যথেষ্ট সকাহ প্ৰদান কৰিব বুলি মন্তব্য কৰে।
পশ্চিম কাৰ্বি আংলঙতো হামৰেনত কেন্দ্ৰীয়ভাৱে হিতাধিকাৰীসকলক ৰাজ সাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণ কৰা হয়।
ওদালগুৰি, দক্ষিণ শালমাৰা-মানকাচৰ, পশ্চিম কাৰ্বি আংলং আদি জিলাসমূহতো আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দক্ষিণ শালমাৰাৰ সদৰ হাটশিঙিমাৰীত জিলা আয়ুক্তৰ উপস্থিতিত হিতাধিকাৰীসকলক মচুৰ দাইল আৰু চেনি বিতৰণ কৰা হয়। এই আঁচনিখন বৰপেটা জিলাতো বিধায়ক দীপক কুমাৰ দাসৰ উপস্থিতিত মুকলি কৰা হয় ৷
হিতাধিকাৰীসকলক সম্বোধন কৰি শ্ৰী দাসে কয়, যে ৰাজ্যৰ জনসাধাৰণক সকাহ প্ৰদান আৰু খাদ্য সুৰক্ষা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে বিশেষকৈ নিম্ন আৰু মধ্যমীয়া পৰিয়ালবৰ্গক উপকৃত কৰিব ৷ মৰিগাঁও জিলাতো জিলা আয়ুক্ত সৃষ্টি সিঙে পূব ৰঙালধৰা গাঁৱৰ ন্যায্য মূল্যৰ দোকানত অনুষ্ঠিত ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰো ব্যৱস্থা কৰা হয় ৷