কোকৰাঝাৰত অহা ৩০ জুলাইৰ পৰা ২৫ আগষ্টলৈ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হ’ব। এই উপলক্ষে বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিটিআৰৰ ৫খন জিলাতে ট্ৰফী প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। এই অভিযানৰ অংশ হিচাপে কাইলৈ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ডুৰাণ্ড কাপ ট্ৰফী ভ্ৰমণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি কাইলৈ দুপৰীয়া এখন প্ৰদৰ্শনীমূলক ফুটবল খেল অনুষ্ঠিত হ’ব।
Assamese | July 11, 2024 9:01 PM | Assam | durand cup 2024 | SPORTS
কোকৰাঝাৰত অহা ৩০ জুলাইৰ পৰা ২৫ আগষ্টলৈ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা