কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলৰ কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলৰ কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে।

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি শ্ৰী সোণোৱালে কয়, যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত ইতিমধ্যে অসমৰ বান পৰিস্থিতি সম্পৰ্কে সুকীয়াকৈ আৰু বিস্তৃতভাৱে আলোচনা কৰা হৈছে। তেওঁ ক্ষতিগ্রস্ত লোকসকলক সকলো প্ৰকাৰৰ সহায়-সাহায্য আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

ৰাজ্য চৰকাৰৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে। অতি সোনকালে কেন্দ্রীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিব বুলি তেওঁ উল্লেখ কৰে ৷ 

বানত ক্ষতিগ্রস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক কেন্দ্ৰই সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি তেওঁ মন্তব্য কৰে ৷