কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বজাৰসমূহত আজি পূজাৰ বাবে প্ৰয়োজনীয় বিভিন্ন সম্ভাৰেৰে ভৰি পৰিছে। আনহাতে বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ্তি ক্ৰয় কৰিবলৈ মৃৎশিল্পীসকলৰ ওচৰত অগণন লোকে ভিৰ কৰা দেখা গৈছে। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চিৰাং জিলাতো এই পূজাৰ বাবে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। ইপিনে কোকৰাঝাৰ জিলাৰ বজাৰসমূহত আজি পূজাৰ প্ৰয়োজনীয় সামগ্রী ক্রয় কৰিবলৈ ক্ৰেতাৰ ভিৰ হোৱা পৰিলক্ষিত হয়। ইপিনে গোৱালপাৰা জিলাৰ দূধনৈৰ বিভিন্ন অঞ্চলত পূজাৰ বাবে মণ্ডপসমূহ আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। গোলাঘাট জিলাৰ বাদুলিপাৰৰ বিভিন্ন শিল্পালয়ত আজি বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ্তি ক্ৰয় কৰিবলৈ বহু লোকৰ সমাগম হয়। কাইলৈ পূজা উপলক্ষে ঠায়ে ঠায়ে নাম প্ৰসংগৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।
Assamese | September 16, 2024 7:24 PM | Akashvani | Assam | Guwahati | Vishwakarma Puja | Vishwakarma puja 2024
কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ