কামৰূপ মহানগৰ জিলাত কালিৰেপৰা দুমহীয়াকৈ HIV প্ৰতিৰোধৰ ভ্ৰাম্যমান সজাগতা অভিযান ৰূপায়ণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ অধীনত ঠায়ে ঠায়ে গৈ HIV সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। বিশেষকৈ জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সজাগতা সৃষ্টিৰ লগতে আক্রান্ত লোকসকলক শীঘ্ৰেই চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই অভিযান শুভাৰম্ভ কৰি জিলা আয়ুক্ত স্বপ্নীল পালে কালি এই বিষয়ে প্ৰকাশ কৰে।
Assamese | September 9, 2026 11:10 AM | Kamrup
কামৰূপ মহানগৰ জিলাত কালিৰেপৰা HIV প্ৰতিৰোধৰ ভ্ৰাম্যমান সজাগতা অভিযান ৰূপায়ণ