মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰাণী চাপৰিত দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে এক কোটি ৫০ লাখ টকা ব্যয সাপেক্ষে নিৰ্মাণ কৰা মজলী-ৰাণী চাপৰি সংযোগী ভাসমান সেতুৰ আধাৰশিলা স্থাপন কৰে। এই সেতুখনে যাত্ৰাৰ সময় আৰু পৰিবহন ব্যয় হ্ৰাস কৰাৰ লগতে কৃষি কৰ্ম আৰু থলুৱা অর্থনীতি বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। ড০ শৰ্মাই লগতে ৬ কোটি ৫৪ লাখ টকা ব্যয়সাপেক্ষে ৰাণী চাপৰিত বিজুলী যোগান ব্যৱস্থাৰো আধাৰশিলা স্থাপন কৰে। প্ৰায় ৪ হাজাৰ বিঘা ভূমি সামৰি ল’বলগীয়া এই বৈদ্যুতিকীকৰণ ব্যৱস্থাই প্ৰায় ৪০০টা পৰিয়ালক উপকৃত কৰিব বুলি আশা কৰা হৈছে।
Assamese | March 7, 2025 9:14 PM | Akashvani News | CM Himanta Biswa Sarma
কামৰূপ জিলাৰ ৰাণী চাপৰিত দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ