কাছাৰ জিলাৰ সামগ্রিক উন্নয়ন, আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু জনকল্যাণমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জিলাখনৰ অভিভাৱক মন্ত্রী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আযুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত জিলাখনত সম্প্রতি ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহৰ ফলপ্ৰসু ৰূপায়ণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্রী শ্রী পালে বিভিন্ন বিভাগৰ কামকাজ আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে। সকলো বিভাগৰ সমন্বিত প্ৰচেষ্টাৰে জিলাখনৰ সর্বাংগীন আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | July 3, 2026 8:04 PM | Krishnendu Paul
কাছাৰ জিলাৰ অভিভাৱক মন্ত্রী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত পর্যালোচনা বৈঠক