কাছাৰ আৰক্ষীয়ে নাবালিকাক বিক্ৰী কৰাৰ অভিযোগত ৰূপালী দত্ত নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি কাছাৰৰ গুমৰা চাহ বাগিছা অঞ্চলৰ এগৰাকী নাবালিকাক ৰাজস্থানত বিক্ৰীৰ চক্ৰান্ত কৰা হৈছিল। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকাৰ পিছত ৰূপালী দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জানিবলৈ দিয়া অনুসৰি তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ পৰা ৰূপালী দত্তক গ্ৰেপ্তাৰ কৰা হৈছে। শিলচৰৰ পৰা যোৱা আৰক্ষীৰ দলে ৰূপালীক গ্ৰেপ্তাৰ কৰে।
Assamese | April 6, 2025 9:25 PM | Assam Police | Cachar District
কাছাৰ আৰক্ষীৰ নাবালিকা বিক্ৰীৰ অভিযোগত এগৰাকী মহিলাক গ্ৰেপ্তাৰ