প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰী মোদীয়ে অশোক বিহাৰত প্ৰায় এহেজাৰ ৭০০টা নৱনিৰ্মিত ফ্লেট উদ্বোধন কৰি হিতাধিকাৰীসকলক ফ্লেটৰ চাবি প্ৰদান কৰিব। বস্তি অঞ্চলৰ লোকৰ পুনৰ সংস্থাপন প্ৰকল্পৰ অধীনত দিল্লী উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা এই ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে বস্তি অঞ্চলত বসবাস কৰা লোকসকলক উপযুক্ত সা-সুবিধা থকা এটা উন্নত আৰু স্বাস্থ্যকৰ পৰিৱেশ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে নৌৰজি নগৰ আৰু সৰোজিনী নগৰত দুটা নগৰ উন্নয়ন প্রকল্পও উদ্বোধন কৰিব একেদৰে তেওঁ দ্বাৰকা নগৰত প্ৰায় ৩০০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ সংহত কাৰ্যালয়ো উদ্বোধন কৰিব।
Assamese | January 2, 2025 4:29 PM | narendra modi | PMO Modi
কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব