কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ একবিংশ দ্বিবার্ষিক সমাৱৰ্তন কাইলৈ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব। অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কাইলৈ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত তেওঁৰ সন্মানার্থে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান আৰু নৈশ ভোজমেলতো অংশগ্ৰহণ কৰিব।
Assamese | October 26, 2024 8:19 PM | AIR GUWAHATI | Akashvani | Guwahati City | krishnaguru
কাইলৈ খানাপাৰাত কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ একবিংশ দ্বিবার্ষিক সমাৱৰ্তন অনুষ্ঠিত হ’ব