ৰাজ্য চৰকাৰে আজি কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি হ’বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্রী অতুল বৰা উপস্থিত থাকিব। এই অনুষ্ঠানত কৃষি যান্ত্ৰিকীকৰণৰ উপ অভিযানৰ অধীনত ২৫০টা কৃষক গোটৰ লগতে দুহেজাৰ ৪৯০ গৰাকী কৃষকলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, কঠীয়া ৰোপণ যন্ত্ৰকে ধৰি বিভিন্ন যন্ত্রপাতি বিতৰণৰ শুভাৰম্ভ কৰা হ’ব। অনুষ্ঠানত কৃষকৰ মাজত চাৰি লাখতকৈও অধিক সংখ্যক ভূমি স্বাস্থ্য-পত্ৰ বিতৰণ কৰাৰ লগতে ২১ টা কৃষি জ্ঞান কেন্দ্রও মুকলি কৰা হ’ব।
Assamese | October 7, 2024 11:41 AM | agriculture | Assam Agriculture | Assam Govt
কলাক্ষেত্ৰত কৃষি যন্ত্রপাতি, ভূমি স্বাস্থ্য-পত্ৰ বিতৰণ, কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন ৰাজ্য চৰকাৰৰ