প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি নতুন দিল্লীৰ বাসগৃহত কমনৱেল্থ গেমছ ২০২৬ৰ পদকজয়ী সকলৰ সৈতে মত বিনিময় কৰে। এই সাক্ষাৎকালত কমনৱেল্থ গেমছৰ বিজেতাসকলে প্রধানমন্ত্রীক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্রকাশ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে খেলুৱৈসকলৰ প্রত্যেকেই তেওঁলোকৰ অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে দেশক গৌৰৱান্বিত কৰিছে আৰু তেওঁলোকৰ সফলতাই বহু যুৱক যুৱতীক অনুপ্রাণিত কৰিব। প্ৰধানমন্ত্ৰীয়ে এটা ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰি কয়, যে যিসকলে খেলে তেওঁলোকৰ উন্নতি হ’ব। শ্রীমোদীয়ে নাগৰিকসকলক সদায়ে ভাৰতৰ বাবে জয়ধ্বনী দিবলৈ আহ্বান জনায়।
এই সাক্ষাৎকালত যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়া আৰু ৰাজ্য মন্ত্ৰী ৰক্ষা খাড়ছে উপস্থিত থাকে। গ্রাছগ’ত অনুষ্ঠিত চলিত বৰ্ষৰ কমনৱেল্থ গেমছত ১৩টা সোণ, ১৭টা ৰূপ আৰু ১টা ব্রঞ্জসহ মুঠ ৩৯টা পদক জয়েৰে ভাৰত প্ৰতিযোগিতাৰ চতুৰ্থ স্থানত থাকে।