August 10, 2026 11:12 AM
10
কমনৱেল্থ গেমছ ২০২৬ৰ পদক জয়ীসকলৰ সৈতে মত বিনিময় প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি নতুন দিল্লীৰ বাসগৃহত কমনৱেল্থ গেমছ ২০২৬ৰ পদকজয়ী সকলৰ সৈতে মত বিনিময় কৰে। এই সাক্ষাৎকালত কমনৱেল্থ গেমছৰ বিজেতাসকলে প্রধানমন্ত্রীক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্রকাশ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে খেলুৱৈসকলৰ প্রত্যেকেই তেওঁলোকৰ অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে দেশক গৌৰৱান্বিত কৰিছে আৰু তেওঁলোকৰ সফলতাই বহু যুৱক যুৱতীক অনুপ্রাণিত কৰিব। প্ৰধানমন্ত্ৰীয়ে এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি কয়, যে যিসকলে খেলে তেওঁলোকৰ উন্নতি হ'ব। শ্রীমোদীয়ে নাগৰিকসকলক সদায়ে ভাৰতৰ বাব...