July 31, 2026 10:01 PM | Commonwealth

printer

কমনৱেলথ গেমছৰ মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাৰ ফাইনেলত ভাৰতীয় বক্সাৰ প্ৰীতি পাৱাৰ

ভাৰতীয় বক্সিং খেলুৱৈ প্ৰীতি পাৱাৰ গ্লাচগ’ত চলি থকা কমনৱেলথ গেমছৰ মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰীতিয়ে আজি জাম্বিয়াৰ কেথৰীণ মাৱাপেক ৫-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। 

ইয়াৰ ফলত ভাৰতৰ এটা ৰূপক পদক লাভ কৰাত নিশ্চিত হৈ পৰে৷ খেলুৱৈগৰাকীয়ে কাইলৈ ফাইনেলত কানাডাৰ স্কাৰলেত দেলগাদোৰ বিৰুদ্ধে খেলিব। ভাৰতে এতিয়ালৈ ৩ টা সোণ, ৯ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১৭ টা পদক লাভ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।