August 1, 2026 8:24 PM | Commonwealth

printer

কমনৱেলথ গেমছত ভাৰতৰ জেছমিন লম্ব’ৰিয়া আৰু প্ৰীতি পাৱাৰৰ সোণৰ পদক অৰ্জন

কমনৱেলথ গেমছত ভাৰতৰ জেছমিন লম্ব’ৰিয়া আৰু প্ৰীতি পাৱাৰে সোণৰ পদক অৰ্জন কৰিছে। প্রীতিয়ে আজি মহিলাৰ বক্সিঙৰ ৫৪ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত কানাডাৰ স্কাৰলেট দেলগাদোক ৫০ ফলাফলত পৰাস্ত কৰি স্বৰ্ণ পদক হস্তগত কৰে। একেদৰে জেছমিনে ৫৭ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ মিকেলা ৱালছক ৫-০ ফলাফলত পৰাস্ত কৰে।

 ইপিনে ভাৰতৰ প্ৰবীন চিত্ৰাৱেলে ত্রিপল জাম্পত ৰূপৰ পদক আৰু ছেলভা প্ৰভুৱে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰত সম্প্ৰতি ৭টা সোণ, ১৩টা ৰূপ আৰু ৭টা ব্ৰঞ্জসহ মুঠ ২৭ টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ ষষ্ঠ স্থানত আছে।

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষণে জেছমিন লম্ব’ৰিয়া আৰু প্ৰীতি পাৱাৰক মহিলাৰ বক্সিঙত সোণৰ পদত অৰ্জন কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীৰাধাকৃষণে টিপ’ল জাম্পত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰবীন চিত্ৰাৱেল আৰু ছেলভা প্ৰভুকো অভিনন্দন জনায়। বার্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শন, কঠোৰ অনুশীলন আৰু একাগ্ৰতাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। শ্ৰীৰাধাকৃষণে খেলুৱৈসকলৰ উজ্বল ভৱিষ্যৎ কামনা কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।