কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনত ড০ ভগৱান গোস্বামী স্মাৰক দ্বিতীয় বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন মুৰব্বী অধ্যাপক প্ৰয়াত গোস্বামীৰ স্মৃতিত আয়োজিত এই অনুষ্ঠানত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা বিশিষ্ট সাংবাদিক ড০ সমুদ্র গুপ্ত কাশ্যপে গুৱাহাটীৰ ঐতিহ্য উদযাপন শীর্ষক বিষয়ত বক্তৃতা আগবঢ়ায়। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড০ হিৰেণ ডেকা, ইতিহাস বিভাগৰ মুৰববী ড০ অকুণ্ঠিতা বৰঠাকুৰৰ লগতে প্রয়াত অধ্যাপকগৰাকীৰ সদস্যসকলে তেওঁৰ জীৱন সম্পৰ্কত আলোকপাত কৰে। অনুষ্ঠানত বিশিষ্ট লেখক ময়ূৰ বৰা, ইতিহাস বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক ড০ ঋতু থাউছেনৰ লগতে অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।
Assamese | November 25, 2025 10:20 PM | cotton college
কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত ড০ ভগৱান গোস্বামী স্মাৰক দ্বিতীয় বক্তৃতানুষ্ঠান