ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা বনৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন চোৰাং চিকাৰী নিহত হয়। মৃত চোৰাং চিকাৰীজন দৰং জিলাৰ ভৱপুৰ গাঁৱৰ খলিলুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। কুখ্যাত চোৰাং চিকাৰী ৰহমানক যোৱা বছৰ দৰং আৰক্ষীয়ে অস্ত্ৰ-শস্ত্রসহ গ্ৰেপ্তাৰ কৰিছিল যদিও পাছত তেওঁ জামিনত মুক্তি লাভ কৰে। বনৰক্ষীৰ দলে ঘটনাস্থলীৰ পৰা ছটা ৰাউণ্ড গুলীৰ লগতে এখন কুঠাৰ, বন্দুকৰ চাইলেন্সাৰ হিচাপে ব্যৱহাৰ কৰা লোহাৰ পাইপ আৰু মোবাইল ফোন উদ্ধাৰ কৰে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আৰক্ষীৰ সহযোগত ৰহমানৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
Assamese | October 8, 2025 6:18 PM | Akashvani | Akashvani Guwahati | Orang National Park
ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বনৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন চোৰাং চিকাৰী নিহত