শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা অব্যাহত

শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা আজি পুৱাৰে পৰা চলি আছে। মুঠ সাতটা কোঠাত এই ভোট গণনা কৰা হৈছে। সর্বাধিক চাৰিটা ৰাউণ্ডত গণনা সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। ভোট গণনা কেন্দ্ৰত ভোট গণনা সুকলমে সম্পন্ন কৰিবলৈ প্ৰতিখন টেবুলত এজনকৈ মাইক্র’ পর্যবেক্ষক, গণনা সহায়ক আৰু গণনা তত্বাবধায়ক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি প্ৰতিটো হলত দুগৰাকী সহকাৰী ৰিটার্নিং বিষয়া অর্থাৎ এ আৰ অ’ আছে। গণনাৰ বাবে প্রায় ৭০০ চৰকাৰী কৰ্মচাৰীক নিয়োগ কৰা হৈছে। নিশা আঠ বজাৰ ভিতৰত ভোটগণনা প্রক্রিয়া সম্পন্ন হ’ব বুলি আশা কৰা হৈছে।

শিলচৰৰ আই এছ টি টিৰ স্ট্রং কমত চি চি টিভি চোৱাচিতা ব্যবস্থা বন্ধ কৰি দিয়া বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত বিয়পি পৰা এটা বাতৰি ভুল বুলি ৰিটার্নিং বিষয়া তথা কাছাৰৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই প্রকাশ কৰিছে।