October 6, 2026 6:40 PM

views 24

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা চলি আছে। বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি বিজেপিয়ে ২৩ টা ৱাৰ্ডত জয়লাভ কৰিছে আৰু মিত্ৰদল অসম গণ পৰিষদে দুটা ৱাৰ্ড হস্তগত কৰিবলৈ সমৰ্থ হৈছে। ২৯ আৰু ৩০ নম্বৰ ৱাৰ্ডত পুনৰ ভোটগণনাৰ নিৰ্দেশ দিয়া হৈছে। ৱাৰ্ড দুটাত পুনৰ গণনা চলি আছে।

October 6, 2026 12:58 PM

views 36

শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা অব্যাহত

শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা আজি পুৱাৰে পৰা চলি আছে। মুঠ সাতটা কোঠাত এই ভোট গণনা কৰা হৈছে। সর্বাধিক চাৰিটা ৰাউণ্ডত গণনা সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। ভোট গণনা কেন্দ্ৰত ভোট গণনা সুকলমে সম্পন্ন কৰিবলৈ প্ৰতিখন টেবুলত এজনকৈ মাইক্র' পর্যবেক্ষক, গণনা সহায়ক আৰু গণনা তত্বাবধায়ক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি প্ৰতিটো হলত দুগৰাকী সহকাৰী ৰিটার্নিং বিষয়া অর্থাৎ এ আৰ অ' আছে। গণনাৰ বাবে প্রায় ৭০০ চৰকাৰী কৰ্মচাৰীক নিয়োগ কৰা হৈছে। নিশা আঠ বজাৰ ভিতৰত ভোটগণনা প্রক্রিয়া সম্পন্ন হ'ব বুলি আশা কৰা হৈছে। শিলচৰৰ আই এছ...