October 6, 2026 12:56 PM

printer

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি গ্রহণ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধার্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্রহণ কৰিব। বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে সংবাদ মাধ্যমৰ আগত কালি এই কথা প্রকাশ কৰে। ইপিনে, উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্রহণ অহা ৬ নৱেম্বৰলৈ স্থগিত ৰাখে। কালিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দর্শাই কয়, যে গোচৰটো ফাষ্টট্রেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ সাক্ষ্য গ্রহণ প্রক্রিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন ৬ নৱেম্বৰলৈ পিছুৱাই দিয়ে।

প্রবাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য প্রদান কালি সম্পূর্ণ হয়। সাক্ষ্য প্রদান কালত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই ৰূপকমল কলিতাক জেৰা কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত কালি অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিনৰ শুনানি অনুষ্ঠিত হয়। শুনানিত চৰকাৰী পক্ষ্যৰ যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। সেই অনুসৰি আজি অভিযুক্ত অমৃতপ্রভা মহন্তৰ হৈ প্রতিনিধিত্ব কৰা অধিবক্তাই চৰকাৰী পক্ষৰ বিৰুদ্ধে পুনৰ যুক্তি প্ৰদৰ্শন কৰিব।