আফগানিস্তানৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভূখণ্ডীয় অখণ্ডতাৰ প্ৰতি ভাৰতৰ সমর্থন

ভাৰতে আফগানিস্তানৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভূখণ্ডীয় অখণ্ডতাৰ প্ৰতি সমর্থন জনাইছে। মস্কোত ৰাছিয়াই আয়োজন কৰা অষ্টম মস্কো ফর্মেট কনচালটেশ্যনত আফগান জনসাধাৰণৰ কল্যাণৰ প্ৰতি থকা দায়বদ্ধতা সন্দর্ভত আলোকপাত কৰি ভাৰতীয় প্রতিনিধি দলৰ নেতৃত্বত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰ আৰু যুটীয়া সচিব ড° এম সুৰেশ কুমাৰে এইদৰে মত প্রকাশ কৰে। এই আলোচনাত ৰাছিয়া, ভাৰত, ইৰাণ, কাজাখস্তান, চীন, কির্গিস্তান, পাকিস্তান, তাজিকিস্তান আৰু উজবেকিস্তানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে আৰু আফগানিস্তানৰ বিদেশ মন্ত্রী আমিৰ খান মুত্তকীয়ে দেশখনক প্রতিনিধিত্ব কৰে। বেলাৰুছ আৰু ইজিপ্তে অতিথি হিচাপে অংশগ্ৰহণ কৰে।

ৰাছিয়াৰ বৈদেশিক মন্ত্রালয়ে প্ৰকাশ কৰা অনুসৰি, অংশগ্ৰহণকাৰীসকলে কাবুলৰ সৈতে সমান আৰু পাৰস্পৰিকভাৱে লাভজনক ভিত্তিত সহযোগিতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সন্দর্ভত আলোকপাত কৰে। ৰাছিয়াৰ বিদেশ মন্ত্রী চার্গেই লাভৰভে কয় যে এই মঞ্চই আফগানিস্তানৰ সৈতে সমান আৰু পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্ব বিচৰা দেশসমূহক একত্ৰিত কৰে। উল্লেখযোগ্য যে আফগানিস্তানত শান্তিৰ প্ৰসাৰৰ বাবে ২০১৭ চনত মস্কো ফর্মেট স্থাপন কৰা হৈছিল। বৈঠকত লাভৰভে বিদেশ মন্ত্রী মুত্তাকিৰ সৈতে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক মঞ্চত দ্বিপাক্ষিক সহযোগিতা আৰু সমন্বয়ৰ সন্দৰ্ভত আলোচনা কৰে।