মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত আয়োজিত এখন সংবাদমেলত সবিশেষ প্ৰকাশ কৰে। এই সন্মিলনত বৰ্তমানলৈ ৭ হাজাৰ প্ৰতিষ্ঠানে পঞ্জীয়ন কৰাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্রীয়ে কয়, যে জাপানে অসমত এটা ভাষাকেন্দ্র স্থাপন কৰিব। এই কেন্দ্ৰত ৯ মাহৰ বাবে বিশেষ প্রশিক্ষণ শিবিৰ অনুষ্ঠিত হ’ব। প্ৰশিক্ষণ লোৱা লোকসকলে ভাৰতত থকা জাপানৰ প্ৰতিষ্ঠানসমূহত কাম কৰাৰ লগতে ৫০ হাজাৰ যুৱক-যুৱতী জাপানতো চাকৰি লাভ কৰিব। এই সন্দৰ্ভত অসম চৰকাৰে জাপানৰ সৈতে শীঘ্ৰেই এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। এই সংবাদমেলতে ড০ শর্মাই এডভান্টেজ আছামৰ প্ৰথম সংস্কৰণৰ সফলতাৰ কথা উল্লেখ কৰি কয়, যে এই শীৰ্ষ সন্মিলনৰ জৰিয়তে নতুন উদ্যোগ স্থাপনৰ এটা ধাৰা গঢ়ি উঠাৰ লগতে আন্তঃগাঁথনিৰো যথেষ্ট বিকাশ হৈছিল। দ্বিতীয় সংস্কৰণৰ জৰিয়তে ৰাজ্যখন অধিক উপকৃত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ জৰিয়তে চাহ উদ্যোগৰ ইতিহাস উদ্যাপন কৰা হ’ব বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে এই সন্মিলনত চাহ খণ্ডৰ বিকাশতো বিশেষভাৱে গুৰুত্ব দিয়া হ’ব। কিয়নো ২০০ বছৰীয়া অসমৰ চাহ উদ্যোগে ৰাজ্যখনৰ উদ্যোগৰ ইতিহাসো বহন কৰিছে। মুখ্যমন্ত্ৰীৰ আজিৰ এই সংবাদমেলত মন্ত্রী বিমল বৰা উপস্থিত থাকে।
Assamese | February 15, 2025 6:42 PM | cm meeting
এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্রী সংবাদমেল