ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ গৈছে। শ্ৰীমতী মুৰ্মুৱে আজি একতাৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰি লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তিত পুষ্পমাল্য অর্পণ কৰে। ইয়াৰ পাছত তেওঁ একতা নগৰত জংগল চাফাৰী কৰে। তেওঁ লগতে একতা নগৰত থকা একতা দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে। ভ্রমণসূচীৰ অংশ হিচাপে শ্ৰীমতী মুর্মু আহমেদাবাদৰ নেশ্যনেল ইনষ্টিটিউট অব ডিজাইনৰ ৪৪ সংখ্যক অভিৱৰ্তনত ভাগ লোৱাৰ কথা। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ গান্ধী নগৰত থকা ৰাষ্ট্ৰীয় ফৰেনচিক বিশ্ববিদ্যালয়ৰ তৃতীয় অভিৱৰ্তনত উপস্থিত থাকিব। তেওঁ ভূজত থকা স্মৃতিভান ভূমিকম্প স্মাৰকলৈও যাব। পহিলা মাৰ্চত ৰাষ্ট্ৰীয় ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ধোলাভিৰালৈ যাব।
Assamese | February 27, 2025 2:40 PM | Droupadi Murmu | President of india
একতাৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰি লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তিত পুষ্পমাল্য অর্পণ ৰাষ্ট্ৰপতি মুর্মুৰ