ইৰানত পুনৰ আক্ৰমণ আমেৰিকাৰ সামৰিক বাহিনীৰ

ইৰানে হৰমুজ প্রণালীত জাহাজৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছদিনাই আমেৰিকাৰ সামৰিক বাহিনীয়ে ইৰানত পুনৰ আক্ৰমণ চলাইছে। ইৰানৰ সামৰিক ঘাটি আৰু ইয়াৰ সৈতে জড়িত স্থানসমূহ লক্ষ্য কৰি এই আক্রমণ চলোৱা হৈছে বুলি কালি আমেৰিকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

এই আক্ৰমণৰ কেইঘণ্টামান পূর্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইৰানৰ আক্ৰমণৰ পাছত দুয়ো দেশৰ মাজত চলি থকা যুদ্ধবিৰতিৰ সমাপ্তি ঘটা বুলি উল্লেখ কৰি অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিছিল।

লক্ষ্যণীয়ভাৱে, ইৰানৰ সৈতে কূটনৈতিক আলোচনা আৰু সামৰিক প্ৰত্যুত্তৰৰ ক্ষেত্ৰত ট্রাম্পে প্ৰায়ে পৰস্পৰ বিৰোধী বার্তা প্রদান কৰি আহিছে। বুধবাৰে তেওঁ পুনৰ ইৰানৰ বিৰুদ্ধে আক্ৰমণৰ ইংগিত দিছিল যদিও, এই সংঘৰ্ষৰ পৰিণতি সুদূৰপ্ৰসাৰী নহ’ব বুলিও আশা প্রকাশ কৰিছিল। ইপিনে, ইৰানৰ স্থানীয় সংবাদ মাধ্যমসমূহে দেশখনৰ দক্ষিণ উপকূলীয় চহৰসমূহত শক্তিশালী বিস্ফোৰণৰ শব্দ শুনা পোৱা বুলি প্রতিবেদন প্রকাশ কৰিছে।