ইজৰাইলৰ সৈতে হোৱা ১২ দিনীয়া যুদ্ধত ইৰানে জয়লাভ কৰা বুলি কৰা দাবীক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দেশখনৰ সৰ্বোচ্চ নেতা আয়তুল্লা আলী খামেনেইক তীব্র সমালোচনা কৰিছে আৰু তেহৰান মহলে পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰাৰ চেষ্টা চলালে আমেৰিকাই পুনৰ দেশখনৰ বিৰুদ্ধে বোমা বর্ষণ কৰিব বুলি সকীয়াই দিছে। শ্ৰী ট্রাম্পে সামাজিক মাধ্যম যোগে যুদ্ধ জয়ৰ দাবী কৰি খামেনেইয়ে গোকাট মিছা মতা বুলি অভিযোগ কৰিছে। ব্যক্তিগতভাৱে খামেনেইৰ হত্যা ৰোধ কৰা বুলিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবি কৰে। তেওঁ কয়, যে যুদ্ধত ইৰান ধ্বংস হৈছে আৰু দেশখনৰ তিনিটা পাৰমাণৱিক স্থলীও নষ্ট হৈছে। খামেনেইয়ে কত আশ্ৰয় লৈ আছিল সেই বিষয়ে অৱগত আছিল বুলিও শ্ৰী ট্রাম্পে দাবী কৰে। এই সপ্তাহৰ প্ৰথম ভাগত ইৰান আৰু ইজৰাইলৰ সংঘৰ্ষ সমাপ্ত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে দিয়া ৰাজহুৱা বক্তব্যত খামেনেইয়ে ইৰানে ফৰ্ডো, ইস্ফহান আৰু নাটাঞ্জৰ পাৰমাণৱিক কেন্দ্ৰসমূহত আমেৰিকাই চলোৱা আক্ৰমণৰ প্ৰতিশোধকল্পে কাটাৰত থকা আমেৰিকাৰ এটা গুৰুত্বপূৰ্ণ ঘাটিক লক্ষ্য কৰি মিছাইলেৰে আক্ৰমন চলাই সমিচিন প্ৰত্যুত্তৰ দিয়া বুলি দাবী কৰিছিল।
Assamese | June 29, 2025 11:26 AM | Donald Trump | iran israel war
ইজৰাইলৰ সৈতে হোৱা ১২ দিনীয়া যুদ্ধত জয়লাভ কৰা বুলি ইৰানৰ দাবীক আমেৰিকাৰ তীব্র সমালোচনা