June 29, 2025 11:26 AM

views 167

ইজৰাইলৰ সৈতে হোৱা ১২ দিনীয়া যুদ্ধত জয়লাভ কৰা বুলি ইৰানৰ দাবীক আমেৰিকাৰ তীব্র সমালোচনা

ইজৰাইলৰ সৈতে হোৱা ১২ দিনীয়া যুদ্ধত ইৰানে জয়লাভ কৰা বুলি কৰা দাবীক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দেশখনৰ সৰ্বোচ্চ নেতা আয়তুল্লা আলী খামেনেইক তীব্র সমালোচনা কৰিছে আৰু তেহৰান মহলে পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰাৰ চেষ্টা চলালে আমেৰিকাই পুনৰ দেশখনৰ বিৰুদ্ধে বোমা বর্ষণ কৰিব বুলি সকীয়াই দিছে। শ্ৰী ট্রাম্পে সামাজিক মাধ্যম যোগে যুদ্ধ জয়ৰ দাবী কৰি খামেনেইয়ে গোকাট মিছা মতা বুলি অভিযোগ কৰিছে। ব্যক্তিগতভাৱে খামেনেইৰ হত্যা ৰোধ কৰা বুলিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবি ক...

June 22, 2025 12:13 PM

views 57

ইজৰাইল আৰু ইৰাণৰ সংঘাতত আমেৰিকাৰ সেনা পোনপটীয়াকৈ জড়িত হ’ব নে নহয় সেই সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত ল’ব

ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰাণৰ পাৰমাণৱিক স্থানত ইজৰাইলৰ আক্ৰমণৰ লগত সহযোগ কৰাৰ কথা বিবেচনা কৰাৰ সময়তে প্রশান্ত মহাসাগৰৰ ওপৰেৰে উৰি যোৱা আমেৰিকাৰ বোমাৰু বিমানে যথেষ্ট উৎসুকতাৰ সৃষ্টি কৰিছে। ইজৰাইল আৰু ইৰাণৰ সংঘাতত আমেৰিকাৰ সেনা পোনপটীয়াকৈ জড়িত হ'ব নে নহয় সেই সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত ল'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ইৰাণৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ বান্দাৰ আব্বাছৰ বন্দৰ চহৰত কালি ইজৰাইলী বাহিনীয়ে নতুনকৈ আক্ৰমণ চলায়। ইজৰাইলৰ সেনাই সেই স্থানত মানৱবিহীন বিমানৰ ডিপো আৰু অস্ত্ৰ-শস্ত্ৰৰ সুবি...

June 14, 2025 9:31 AM

views 46

ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ইৰানৰ; ইজৰাইলী চহৰত শতাধিক ক্ষেপনাস্ত্ৰ-ড্রোনেৰে আক্ৰমণ

ইৰানে ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত যোৱা নিশা ইজৰাইলী চহৰত শতাধিক ক্ষেপনাস্ত্ৰ আৰু ড্রোনেৰে আক্ৰমণ চলায়। ইৰানে এই প্রত্যাক্রমণক অপাৰেচন ছিভিয়েৰ পানিছমেণ্ট নাম দিছে। তেল আভিভ আৰু জেৰুজালেমত চলোৱা এই আক্ৰমণৰ ফলত ইজৰাইলত বিমান আক্ৰমণৰ চাইৰেন বাজি উঠে আৰু লাখ লাখ অসামৰিক লোকে শিবিৰত আশ্ৰয় ল'বলগীয়া হয়। ১৯৮০ চনত ইৰাকৰ সৈতে যুদ্ধৰ পাছত ইজৰাইলে ইৰানৰ বিৰুদ্ধে চলোৱা সৰ্ববৃহৎ সামৰিক অভিযানৰ কেইঘণ্টামানৰ পাছতে ইৰানে এই প্রত্যাক্রমণ কৰে। ইজৰাইলে বৃহস্পতিবাৰে নিশা ইৰাণৰ পাৰমানবিক প্রকল্প, বেলিষ্টিক ক্ষেপ...

October 13, 2024 9:03 PM

views 50

লেবাননত শীঘ্ৰে যুদ্ধ বিৰতিৰ আহ্বান ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৱে লেবাননত শীঘ্ৰে যুদ্ধ বিৰতিৰ আহ্বান জনাইছে। লেবাননৰ সংসদৰ অধ্যক্ষ নবিহ বেৰীৰ সৈতে হোৱা টেলিফোনেৰে হোৱা কথা-বতৰাত তেওঁ লেবাননত শীঘ্ৰে যুদ্ধ বিৰতিৰ প্রয়োজন বুলি মত প্রকাশ কৰে। তেওঁ লগতে লেবাননত ইজৰাইলৰ আক্ৰমণ তথা অসামৰিক লোকসকল ক্ষতিগ্ৰস্ত হোৱা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰে। বেৰীৰ সৈতে হোৱা তেওঁৰ বাৰ্তালাপত মেক্ৰ'ৱে লেবাননৰ স্থিতাৱস্থাৰ স্বাৰ্থত দেশখনৰ জনসধাৰণক একত্ৰিত হ'বলৈ আহ্বান জনায়। তেওঁ লগতে সকলো দলক ৰাষ্ট্ৰীয় একতাৰ নিশ্চয়তা প্ৰদান কৰা এগৰাকী ৰাষ্ট্ৰ...

October 12, 2024 4:14 PM

views 48

ইৰাণৰ শক্তি বাণিজ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ কথা ঘোষণা আমেৰিকাৰ

ইজৰাইলৰ বিৰুদ্ধে ক্ষেপনাস্ত্ৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই ইৰাণৰ শক্তি বাণিজ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে কয় যে, আমেৰিকাই ইতিমধ্যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা ৰাজহ ব্যৱস্থা বন্ধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। আমেৰিকাৰ বিত্ত আৰু বিদেশ বিভাগে কালি এই নিষেধাজ্ঞাৰ কথা ঘোষণা কৰে। ইজৰাইলে ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে ইৰাণৰ বিৰুদ্ধে প্ৰতিযোধমূলক সামৰিক ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰিছে। আমেৰিকাই ইৰাণৰ পেট্ৰ'লি...

October 2, 2024 3:41 PM

views 68

প্ৰায় ২০০টা ক্ষেপণাস্ত্র নিক্ষেপেৰে ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ প্রত্যক্ষ আক্রমণ

ইৰাণে যোৱা নিশা ইজৰাইলৰ বিৰুদ্ধে প্রত্যক্ষ আক্রমণ সংঘটিত কৰি প্ৰায় ২০০টা ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ ফলত অঞ্চলটোত যুদ্ধসদৃশ পৰিৱেশৰ সূচনা হয়। এই আক্ৰমণত ইজৰাইলৰ সংশ্লিষ্ট অঞ্চলৰ জনসাধাৰণ আতংকগ্ৰস্ত হৈ পৰাৰ লগতে তেওঁলোকে ততাতৈয়াকৈ নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হয়। ইৰাণে হিজবুল্লা আৰু হামাছৰ বিষয়ববীয়াৰ শেহতীয়া হত্যাকাণ্ডৰ প্ৰত্যুত্তৰ হিচাপে এই আক্রমণ সংঘটিত কৰা বুলি দাবী কৰিছে। ইজৰাইলৰ সেনাবাহিনীৰ ৰেডিঅ'ত প্ৰকাশ পোৱা মতে ইজৰাইলে নিক্ষেপ কৰা প্ৰায় ১৮০টা ক্ষেপণাস্ত্ৰৰ অধিকাংশকেই আর্টবার্টতে ন...