আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক ইউক্রেইনত চলি থকা যুদ্ধৰ বাবে দোষাৰোপ কৰি তেওঁক এজন অযোগ্য নেতা আৰু দুৰ্বল মধ্যস্থতাকাৰী বুলি অভিহিত কৰে। যুদ্ধৰ অন্ত পেলোৱাৰ উপায়ৰ বিষয়ে আলোচনা কৰাৰ লক্ষ্যৰে ৰিয়াদত অনুষ্ঠিত আমেৰিকা-ৰাছিয়াৰ শান্তি আলোচনাৰ পৰা ইউক্রেইনক বাদ দিয়াৰ বাবে জেলেনস্কিয়ে প্রতিক্রিয়া প্রকাশ কৰাৰ পিছতেই ট্রাম্পে এই মন্তব্য কৰে। আনহাতে, ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ট্রাম্পক উত্তৰ দি কয় যে যদিও তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু আমেৰিকাৰ জনসাধাৰণক সন্মান কৰে কিন্তু ট্ৰাম্পে দুৰ্ভাগ্যজনকভাৱে ৰাছিয়াই সৃষ্টি কৰা ভুল তথ্যক বিশ্বাস কৰে। ইফালে ৰাছিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে ইউক্রেইন সন্দৰ্ভত তেঁও পুনৰ আলোচনাত বহিবলৈ সাজু।
Assamese | February 20, 2025 7:36 AM | Donald Trump
ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক অযোগ্য নেতা আৰু দুৰ্বল মধ্যস্থতাকাৰী আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মন্তব্য